মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ অসম চুক্তিৰ ৰূপায়ন

অসম চুক্তিৰ অন্তৰ্গত বিশেষ আঁচনিআৰু কাৰ্য্যকলাপসমূহ

    • অসম চুক্তিৰ ষষ্ঠ দফা অনুসৰি অসমৰ কলা-সংস্কৃতিৰ সংৰক্ষণ প্ৰচাৰ তথা উন্নয়নৰ বাবে গুৱাহাটীৰ পাঞ্জাবাৰীত ১০.২৮ হেক্টৰ এক বিশাল ভূমিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ভেটি স্থাপন কৰা হয়।
    • কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনক ন-ৰূপ প্ৰদান কৰি ইয়াক উত্তৰ-পূবৰ ছবিৰ এক প্ৰতিষ্ঠান ৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টা।
    • অসমৰ বিভিন্ন স্থানত থকা ২১৯খন সত্ৰৰ সংৰক্ষণৰ বাবে ১১খন ঐতিহাসিক স্থানৰ সংৰক্ষণ, উন্নয়নৰ নামত ৭ কোটি টকা ধাৰ্য।
    • কেন্দ্ৰীয় চৰকাৰৰ পূৰাতাত্বিক জৰীপ বিভাগে, ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু উন্নতি সাধন কৰাৰ দিহা কৰে ৫ কীৰ্তিচিহ্নৰ। এইবোৰ হল-

                ১. শিঙৰি মন্দিৰ প্ৰাঙ্গন

                ২. উৰ্ব্বশী পূৰাতাত্বিক অঞ্চল

                ৩. হাজোৰ পোৱামক্কা

                ৪. হাজোৰ কেডাৰ মন্দিৰ

                ৫. হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ

    • জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কাৰ্য্যবাহী পৰিষদে বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা, সাহিত্য আৰু সংস্কৃতিৰ অধ্যয়ন কেন্দ্ৰত এটি অসমীয়া বিভাগৰ প্ৰতিষ্ঠাক মঞ্জুৰী দিয়াৰ সংকল্প লৈছে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এই বিষয়টিৰ ওপৰত আলোচনা হৈছে।
    • ১৯৮৯ চনৰ ১২ ডিচেম্বৰত আনন্দৰাম বৰুৱা প্ৰতিষ্ঠান নামেৰে অসমৰ সাহিত্য-সংস্কৃতিৰ উন্নতি সাধনৰ অৰ্থে এক স্বায়ত্ত শাসিত প্ৰতিষ্ঠান মুকলি কৰা হয়, অসম চৰকাৰৰ বিত্ত বিভাগৰ সহযোগত। তদুপৰি উচ্চ শিক্ষা সঞ্চালকালয়েও বছৰি এক অনুদান আগবঢ়ায় ভাষা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰখনত কাম কৰি থকা অসমৰ বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানলৈ। তেনে স্বেচ্ছাসেৱী অনুষ্ঠানৰ তালিকাত আছে-

    ১. ভাৰতীয় কলা ইতিহাস কংগ্ৰেছ

    ২. অসম সাহিত্য সভা

    ৩. অসম বিজ্ঞান সমিতি

    ৪. বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ঐচ্ছিক প্ৰতিষ্ঠান

    ৫. কেন্দ্ৰীয় টাই একাডেমী, পাতসাকোঁ

    ৬. সদৌ অসম লেখিকা সমাৰোহ সমিতি

    ৭. টাই সাহিত্য সভা

    ৮. মণিপুৰী সাহিত্য পৰিষদ

    ৯. ডিমাছা সাহিত্য সভা

    ১০. গণিত শাস্ত্ৰ অধ্যয়ন ক্ষেত্ৰ, অসম

    ১১. বৰাক উপত্যকা বংগা ও সাহিত্য সন্মিলন

    ১২. দক্ষিণ-পূব এছিয়াৰ ৰামায়নী সাহিত্যৰ গৱেষণা কেন্দ্ৰ

    ১৩. কাৰ্বি সাহিত্য সভা

    ১৪. নেপালী সাহিত্য পৰিষদ

    ১৫. ৰাভা একাডেমী

    ১৬. কামৰূপ সংস্কৃত সঞ্জীৱনী সভা

    ১৭. কামৰূপ অনুসন্ধান সমিতি

    ১৮. পূৰ্ণকান্ত বুঢ়াগোঁহাঞি প্ৰতিষ্ঠান

    ১৯. টাই অধ্যয়ন প্ৰতিষ্ঠান।

    • বিভিন্ন ৰাজনৈতিক দল, সাহিত্য সভা, যুৱ অনুষ্ঠান, সদৌ অসম ছাত্ৰ সন্মিলন, প্ৰতিষ্ঠিত বেচৰকাৰী সংগঠনসমূহৰ পৰা সময়ে সময়ে বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত বিভিন্ন পৰামৰ্শসমূহ আহ্বান কৰা হয়। অৱশ্যে সকলোৰে পৰা আহ্বান কৰিলেও গ্ৰহণযোগ্যতাৰ ভিত্তিতহে বিবেচনা কৰা হয়। বিষয়টো বৰ্তমান কেবিনেট উপ-সমিতিৰ বিচৰাধীন হৈ আছে।
    • ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিল দলং নিৰ্মাণ কৰি উত্ত আৰু দক্ষিণ পাৰ দুটা সংযোগ কৰি ৰেল পথ আৰু যানবাহন চলাচলৰ বাবে সুগম কৰাৰ পৰিকল্পনা কৰা হয়। ৭৩ কিলোমিটাৰ পথ আৰু ৫ কিলোমিটাৰ সংযোগী পথৰ বাবে মুঠ বাজেট ধাৰ্য কৰা হয় ৪৯৯৬.১৯ কোটি। ইয়াৰ বাবে বাজেট ধাৰ্য কৰা হয় ১৯৯৭-৯৮ চনত। ইয়াৰ অগ্ৰগতি বৰ্তমান সময়ত ৮১.৮৪ শতাংশ। কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱ্য সময়-সূচী চলিত বৰ্ষৰ মাৰ্চ মাহ।
    • নুমলীগড় ৰিফাইনেৰী দেশৰ সেৱাৰ অৰ্থে মাননীয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱে ১৯৯৯ চনত উচৰ্গা কৰিছিল। অক্টোবৰ ২০০০ বৰ্ষত বাণিজ্যিক উত্পাদন আৰম্ভ হোৱাৰ পৰা এন.আৰ.এলে. বিশ্বস্ত প্ৰদৰ্শনী প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এতিয়া এই এন.আৰ.এলে. দেশৰ সামাজিক তথা আৰ্থিক দিশত নিজৰ অৰিহণা আগবঢ়াই আহিছে, এন.আৰ.এল. ক মিনি ৰত্ন পি.এছ.ইউ.ৰ মৰ্য্যদা প্ৰদান কৰা হৈছে।
    • অসম চুক্তিৰ স্বাক্ষৰকৰ্তা অশোক কাগজ মিলৰ পুনৰুদ্ধাৰৰ কাৰণে, অৰ্থাত অসম ছাত্ৰ সন্থা আৰু ভাৰত চৰকাৰক অনুৰোধ কৰা হৈছে যে অশোক কাগজ মিলৰ লগতে মৰাপাট/ নাৰিকলযুক্ত উদ্যোগৰ স্থাপনাৰ সন্দৰ্ভত নিজৰ অভিযোগ/মত আগবঢ়াবলৈ অনুৰোধ কৰা হৈছে যাতে অসম চুক্তিৰ অংশীদাৰ হবৰ কাৰণে অভিযোগ/মত প্ৰস্তুত কৰিব পাৰে, এই উদ্দেশ্যে এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৭.-১১-২০১৪ তাৰিখে ডব্লিউ.পি.(চি.) নং. ৩৬৬৭/২০০৮ অনুমোদন কৰে। কিন্তু এই পৰ্যন্ত আমি কোনো অভিযোগ/মতামত দেখা পোৱা নাই। পিছলৈ, উদ্যোগ আৰু বাণিজ্য বিভাগে জনাইছে যে ইয়াক বহুবাৰ প্ৰচেষ্টাৰ পাছতো ব্যৱহাৰ্য কৰিব পৰা হোৱা নাই আৰু প্ৰকল্পটি বাদ দিয়া হৈছে। মৰাপাট আৰু নাৰিকল/ পাল্প আৰু কাগজ উদ্যোগ প্ৰতিষ্ঠাৰ কাৰণে উদ্যোগ আৰু বাণিজ্য বিভাগে কিছুমান সংস্থাৰ সৈতে যোগাযোগ কৰিছে, কিন্তু মিলৰ ভূমি বিদৰে ব্যৱহাৰ কৰা হব তাৰ কোনো সিদ্ধান্ত হোৱা নাই। একেসময়তে অসম উদ্যোগিক উন্নয়ন নিগম লিমিটেডে এ.পি.এম. লিমিটেডৰ ভূমি ব্যৱহাৰযোগ্য কৰি যোগীঘোপাত এ.পি.এম.ৰ লগত একীভূত উদ্যোগ ক্লাষ্টাৰ প্ৰকল্পৰ উন্নয়নৰ বিষয়টো চৰকাৰৰ অধীনত বিবেচনাধীন হৈ আছে।
    • শিলঘাটৰ মৰাপাট কল ১৯৮৬ চনৰ ১ জানুৱাৰীৰ পৰা পুনৰ মুকলি হয়।
    • ভাৰত-বাংলা সীমান্তৰ সৰ্বমুঠ দৈৰ্ঘ্য ২৮০.০৬ কিলোমিটাৰ। ইয়াৰ ২০৮.৬৫ কিলোমিটাৰত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম ইতিমধ্যে সমাপ্ত হৈছে আৰু ৭১.৪১ কিলোমিটাৰ বাকী আছে। তদুপৰি ৬.৫ কিলোমিটাৰ দৈৰ্ঘ্য ভূমি এলেকা বাকী অংশ পানীৰে পূৰ্ণ। ৩.৫৯৬ কিলোমিটাৰ মুক্ত অঞ্চলত দলং আৰু পুল আছে। ইয়াৰ ৬.৫ কিলোমিটাৰ ভূমি আৰু ৩.৫ কিলোমিটাৰ কৰিমগঞ্জ চহৰ অঞ্চলত। সীমা সুৰক্ষা বাহিনী আৰুবাংলাদেশ সীমা ৰক্ষীৰ মাজত আলোচনা অব্যাহত আছে সীমা সুৰক্ষা বিষয়ক লৈ। ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া বাকী আছে। মাথো ৩ কিলোমিটাৰ অঞ্চলত যিখিনি কৰিমগঞ্জ জিলাৰ লাতিঢিলা-ডুমাবাৰী অঞ্চলত আছে। এইখিনি কামো শীঘ্ৰেই সম্পূৰ্ণ কৰা হব।
    • ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীৰ দিনা অসম গেছ ক্ৰেকাৰ প্ৰকল্পটো মুকলি কৰে ডিব্ৰুগড়ৰ লেপেটকটাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই।
    • উত্তৰ গুৱাহাটীত ইতিমধ্যে স্থাপিত হৈছে আই.আই.টি প্ৰতিষ্ঠান। তদুপৰি দুখনকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় আৰু শিলচৰ অসম বিশ্ববিদ্যালয়. তদুপৰি গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নতিৰ হকেও পৰ্যাপ্ত অনুদান আগবঢ়াইছে। তদুপৰি অসম চৰকাৰে চাৰিখনকৈ ৰাজ্যিক বিশ্ববিদ্যালয় মুকলি কৰিছে ক্ৰমে – (১) কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, (২) বড়োলেণ্ড বিশ্ববিদ্যালয়, (৩) কটন মহাবিদ্যালয় ৰাজ্যিক বিশ্ববিদ্যালয়, (৪) কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পৌৰাণিক অধ্যয়ন বিশ্ববিদ্যালয়। ইতিমধ্যে ১৯৮.৮২ লাখ টকাৰ অনুমোদন আগবঢ়াইছে ২০০১-০২ৰ পৰা ২০১৫-১৬ চনলৈ ৬ লাখ বিশ্ববিদ্যালয় আন্তঃগাঁথনিৰ নামত।
    • গুৱাহাটী মেডিকেল কলেজ হাস্পতালক এখন উন্নত মানৰ চিকিত্সা প্ৰতিষ্ঠান ৰূপে গঢ়ি তোলাৰ কাম ইতিমধ্যে আগবাঢ়িছে।

    নদী আৰু চৰ অঞ্চলৰ সাম্ভাব্যতা অধ্যয়ন আৰু পৰীক্ষাৰ কাৰণে আৰু ভাৰত চৰকাৰৰ দ্বাৰা “হাই-টেক ফিজিকেল আৰু নন ফিজিকেল বাধা” প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই অঞ্চলসমূহক চীল কৰা হৈছে।এই অঞ্চলসমূহত বান প্ৰতিৰোধৰ বাবেও বিভিন্ন কাম কেন্দ্ৰীয় গড়কাপ্তানী বিভাগ, আই.বি.বি.এফ.এল.ডি.ৰ অধীনত ইতিমধ্যে কৰা হৈছে আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনত বিজুলী সৰবৰাহৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।(কাৰ্য্যঃ কেন্দ্ৰীয় গড়কাপ্তানী বিভাগ, আই.বি.বি.এফ.এল.ডি./অসম শক্তি বিতৰণ কোম্পানী লিমিটেড)

    অসম বাংলাদেশ সীমান্তত বৰ্তমান সীমান্ত সুৰক্ষা বাহিনীৰ অধীনত ৯৪ টা সীমান্ত আৰক্ষী চকা আছে।

     

    • অসম ভূমিৰ এল্যিনেচন (বিনিময়) আইন ১৯৮০ অনুসৰি অসমত বিদেশীৰ দ্বাৰা স্থাৱৰ সম্পত্তি অধিগ্ৰহণ সীমিত কৰা। এক ক্ৰমাগত প্ৰক্ৰিয়াত ধাৰা ১০ আৰু ১১ক ৰূপান্তৰিত কৰা হয়। বনাঞ্চলৰ ভূমি, পি.জি.আৰ.ভি.জি.আৰ. আৰু অন্যান্য চৰকাৰী ভূমিত সময়ে সময়ে আইনৰ সহায়ত উচ্ছেদ চলাই থকা হৈছে।
    • স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা জন্ম আৰু মৃত্যুৰ পঞ্জীয়নৰ সুচাৰুৰূপে চলাই থকা হৈছে।(১২ নং দফা অনুসৰি)