মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ অসম চুক্তিৰ ৰূপায়ন

অসম চুক্তি আৰু ইয়াৰ দফাসমূহ

    1. অসম চুক্তিৰ ৫ নম্বৰ দফাঃ বিদেশী নাগৰিক সংক্ৰান্তীয় বিষয়

      • দফা

      ৫.১ – বিদেশী নাগৰিকসকলৰ চিনাক্তকৰণ তথা বহিস্কাৰৰ বাবে ১৯৬৬ চনৰ পহিলা জানুৱাৰীৰ দিনটোক ভিত্তি বৰ্ষ হিচাপে গ্ৰহণ কৰা হয়।

      ৫.২ – ১৯৬৬ চনৰ পহিলা জানুৱাৰী তথা তাৰ পূৰ্বে অসমলৈ অহা আৰু ১৯৬৭ চনৰ নিৰ্বাচনত নাম অন্তৰ্ভুক্ত হোৱাসকলক নিয়মীয়াকৰণৰ সিদ্ধান্ত।

      ৫.৩ – ১৯৬৬ চনৰ পহিলা জানুৱাৰীৰ পিছৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অসমত প্ৰবেশ কৰা লোকসকলক ১৯৪৬ চনৰ বিদেশী নাগৰিক আইন আৰু ১৯৬৪ চনৰ বিদেশী নাগৰিক সম্বন্ধীয় ন্যায়িক আদেশৰ জৰিয়তে চিনাক্ত কৰি বহিস্কাৰ কৰা।

      ৫.৪ – বিদেশী নাগৰিকসকলক চিনাক্ত কৰি নিৰ্বাচন ব্যৱস্থাৰ পৰা সম্পূৰ্ণৰূপে বহিস্কাৰ কৰা। তেনে নাগৰিকসকলক বিভিন্ন জিলাৰ পঞ্জীয়কৰ কাৰ্যালয়ত ১৯৩৯ চনৰ বিদেশী নাগৰিক পঞ্জীয়ন আইনৰ জৰিয়তে পঞ্জীয়ন কৰোৱাৰ ব্যৱস্থা কৰা।

      ৫.৫ – এনেবোৰ ক্ষেত্ৰত ভাৰত চৰকাৰে বিধিসন্মত ব্যৱস্থা গ্ৰহণ কৰিব।

      ৫.৬ – দহ বছৰৰ এটি সময়সীমা ধাৰ্য কৰি, যিসকলৰ নাম ইতিমধ্যে নাগৰিকৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে তেওঁলোকক পুনৰ প্ৰতিষ্ঠা কৰা।

      ৫.৭ – অসমৰ পৰা ইতিপূৰ্বে বিতাৰিত কিন্তু বৰ্তমান অনাধিকাৰ প্ৰৱেশ কৰাসকলক চিনাক্ত কৰি পুনৰ বিতাৰণৰ ব্যৱস্থা কৰা।

      ৫.৮ – ১৯৭১ চনৰ মাৰ্চৰ ২৫ তাৰিখ তথা তাৰ পাছত অসমলৈ অহা বিদেশী নাগৰিকসকলক চিনাক্ত কৰি তত্কালীনভাৱে কাৰ্যকৰী হোৱাকৈ তেওঁলোককো খেদি পঠোৱা।

      ৫.৯ – আইন বহিৰ্ভুত প্ৰব্ৰজন আইন,১৯৮৩ৰ ৰূপায়নৰ ক্ষেত্ৰত আছু আৰু এ.এ.জি.এছ.পি.য়ে ব্যক্ত কৰা বিছুমান অসুবিধাৰ ওপৰতো চৰকাৰে দৃষ্টি আৰোপ কৰে।

      • ব্যৱস্থা গ্ৰহণ –

      ৫.১ – এই ব্যৱস্থাক সম্পূৰ্ণ কৰি বাস্তৱায়িত কৰা।

      ৫.২ – বিদেশী বহিস্কাৰ নীতিক বাস্তৱ ৰূপ দিয়া।

      ৫.৩ – ২০১৬ চনৰ ৩১ মাৰ্চলৈ ৭৫,৪৮৯জন লোক বিদেশী বুলি চিনাক্ত কৰা হয়। ইয়াৰে ৩৩,১৮৫জন ১৯৬৬ৰ পৰা ৭১ৰ সময়ছোৱাৰ আৰু ৪২,৩০৩জন ১৯৭১ চনৰ পৰৱৰ্ত্তী সময়ছোৱাৰ। ইয়াৰে মাথো ১৪,১৯৮ জনকহে বিদেশী নাগৰিক হিচাপে পঞ্জীয়ন কৰা হৈছে।

      ৫.৪ – ৩৩০১৫জনৰ ভিতৰত ১৩,৯৩১জনেহে মাথো নিজৰ নাম বিদেশী নাগৰিকৰ তালিকাত পঞ্জীয়নভুক্ত কৰে।

      ৫.৫ – বিদেশী নাগৰিকক চিনাক্ত কৰ বহিস্কাৰ কৰাৰ ক্ষেত্ৰত চৰকাৰেও যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে।

      ৫.৬ – এই ক্ষেত্ৰত পদক্ষেপসমূহ গ্ৰহণ কৰা হয়।

      ৫.৭ – সৰ্বমুঠ ১৪৩২ জন পুনঃঅনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি ১৯৮৬ চনৰ পৰা ২০১৪ চনৰ ডিচেম্বৰলৈ বিতাৰণৰ ব্যৱস্থা কৰে আৰু এই ব্যৱস্থা এতিয়াও অব্যাহত আছে।

      ৫.৮ –অবৈধ অনুপ্ৰৱেশকাৰী চিহ্নাক্তকৰণ আৰু নিৰ্বাসনৰ ক্ষেত্ৰত ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ে ২০০৫ চনৰ জুলাই মাহৰ ১২ তাৰিখে আই.এম.(ডি.)টি. আইনখন প্ৰণয়ন কৰে। সেই অনুসৰি –

                  ক. বিদেশীআইন, ১৯৪৬ৰ লগতেবিদেশী(ন্যায়াধিকৰণ) আদেশ, ১৯৪৬।

                  খ. পাছপোৰ্ট(ভাৰতত প্ৰৱেশ কৰা) আইন, ১৯২০।

                  গ. পাছপোৰ্ট আইন, ১৯৬৭।

                  ঘ. অনুপ্ৰবেশমূলক(অসমৰ পৰা বহিস্কাৰ আইন, ১৯৫০ আৰু

                  ঙ. নাগৰিকত্ব আইন, ১৯৫৫।

      বিদেশীৰ চিহ্নাক্তকৰণ আৰু নিৰ্বাসনৰ কাৰণে ৰাজ্যখনত ১০০ সংখ্যক বিদেশী ন্যায়াধিকৰণে কাম কৰি আছে।

      ৫.৯ – আই.এম.(ডি.)টি. আইনখন ইতিমধ্যে মাননীয় ভাৰতীয় উচ্চতম ন্যায়ালয়ে ১২-০৭-২০০৫ চনত খাৰিজ কৰে।

      দফা ৬: সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা

      • দফা

      ৬. সাংবিধানিক, আইনগত আৰু প্ৰশাসনিক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰা। অসমীয়া সংস্কৃতি, ভাষা, সামাজিক আৰু ঐতিহাসিক ক্ষেত্ৰসমূহৰ নিৰাপত্তা সুনিশ্চিত কৰা।

      • ব্যৱস্থা গ্ৰহণঃ

      এই ক্ষেত্ৰত বহুখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে যাতে নিৰাপত্তাৰ ক্ষেত্ৰত কোনো খুত নাথাকে।

      ১. অসম চুক্তিৰ অন্তৰ্গত ৬ নম্বৰ অনুচ্ছেদ অনুসৰি অসমীয়া সংস্কৃতিৰ বাহকৰ ৰূপত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ প্ৰতিষ্ঠা কৰা। ১০.২৮ হেক্টৰ মাটিকালিত গুৱাহাটী চহৰৰ পাঞ্জাবাৰী অঞ্চলত এই অনুষ্ঠান নিৰ্মাণ কৰাৰ বাবে অনুমোদন জনায়। ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ পৰা ১৮.৮৫ কোটি টকা আৰু ৰাজ্যিক চৰকাৰৰ পৰা ১.৫০ কোটি টকাৰ অনুমোদন অনুসাৰে মুঠ ২০ হাজাৰ কোটি টকাৰ এই বৃহত্ কাৰ্যসূচী সম্পূৰ্ণ কৰা হয়।

      ২. জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ আঁচনি(পৰ্য্যায়-১ আৰু পৰ্য্যায়-২) ৰূপায়নৰ নামত ব্যয় কৰা হয় ৮.৭৯ কোটি টকা।

      ৩. জ্যোতি চিত্ৰবনৰ আধুনিকীকৰণৰ নামত তৃতীয় পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে ১০ কোটি টকা অনুমোদন জনায়। ইতিমধ্যে ইয়াৰ ৮৫ শতাংশ কাম সম্পূৰ্ণ হৈছে। সৰু ছবি গৃহ নিৰ্মাণৰ কাম চলি আছে। জ্যোতি চিত্ৰবনক উত্তৰ-পূবৰ ছবিৰ এক প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াটোৱে হৈছে এই আঁচনিৰ মুখ্য উদ্দেশ্য। চলচ্চিত্ৰৰ আৰ্কাইভৰ নিৰ্মাণৰ কাম চলি আছে আৰু অতি সোনকালই ইয়াক সম্পূৰ্ণ কৰা হব।

      ৪. অসমৰ ২১৯ খন সত্ৰক বিত্তীয় সাহাৰ্য্য প্ৰদানৰ কাৰণে ২১ কোটি টকা অনুমোদন জনোৱা হয়।

      ৫. ১১টা ঐতিহাসিক কীৰ্তি চিহ্নৰৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু উন্নয়নৰ নামত ৭ কোটি টকাৰ অনুমোদন জনোৱা হয়।

      ৬. কেন্দ্ৰীয় চৰকাৰৰ পূৰাতাত্বিক জৰীপ বিভাগে, ৰক্ষণাবেক্ষণ, সংৰক্ষণ আৰু উন্নতি সাধন কৰাৰ দিহা কৰে ৫ কীৰ্তিচিহ্নৰ। এইবোৰ হল-

                  ১. শিঙৰি মন্দিৰ প্ৰাঙ্গন

                  ২. উৰ্ব্বশী পূৰাতাত্বিক অঞ্চল

                  ৩. হাজোৰ পোৱামক্কা

                  ৪. হাজোৰ কেডাৰ মন্দিৰ

                  ৫. হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ

      ৭. জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কাৰ্য্যবাহী পৰিষদে বিশ্ববিদ্যালয়ৰ ভাৰতীয় ভাষা, সাহিত্য আৰু সংস্কৃতিৰ অধ্যয়ন কেন্দ্ৰত এটি অসমীয়া বিভাগৰ প্ৰতিষ্ঠাক মঞ্জুৰী দিয়াৰ সংকল্প লৈছে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত এই বিষয়টিৰ ওপৰত আলোচনা হৈছে।

      ৮. ১৯৮৯ চনৰ ১২ ডিচেম্বৰত আনন্দৰাম বৰুৱা প্ৰতিষ্ঠান নামেৰে অসমৰ সাহিত্য-সংস্কৃতিৰ উন্নতি সাধনৰ অৰ্থে এক স্বায়ত্ত শাসিত প্ৰতিষ্ঠান মুকলি কৰা হয়, অসম চৰকাৰৰ বিত্ত বিভাগৰ সহযোগত। তদুপৰি উচ্চ শিক্ষা সঞ্চালকালয়েও বছৰি এক অনুদান আগবঢ়ায় ভাষা, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰখনত কাম কৰি থকা অসমৰ বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানলৈ।তেনে স্বেচ্ছাসেৱী অনুষ্ঠানৰ তালিকাত আছে-

                  ১. ভাৰতীয় কলা ইতিহাস কংগ্ৰেছ

                  ২. অসম সাহিত্য সভা

                  ৩. অসম বিজ্ঞান সমিতি

                  ৪. বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ঐচ্ছিক প্ৰতিষ্ঠান

                  ৫. কেন্দ্ৰীয় টাই একাডেমী, পাতসাকোঁ

                  ৬. সদৌ অসম লেখিকা সমাৰোহ সমিতি

                  ৭. টাই সাহিত্য সভা

                  ৮. মণিপুৰী সাহিত্য পৰিষদ

                  ৯. ডিমাছা সাহিত্য সভা

                  ১০. গণিত শাস্ত্ৰ অধ্যয়ন ক্ষেত্ৰ, অসম

                  ১১. বৰাক উপত্যকা বংগাও সাহিত্য সন্মিলন

                  ১২. দক্ষিণ-পূব এছিয়াৰ ৰামায়নী সাহিত্যৰ গৱেষণা কেন্দ্ৰ

                  ১৩. কাৰ্বি সাহিত্য সভা

                  ১৪. নেপালী সাহিত্য পৰিষদ

                  ১৫. ৰাভা একাডেমী

                  ১৬. কামৰূপ সংস্কৃত সঞ্জীৱনী সভা

                  ১৭. কামৰূপ অনুসন্ধান সমিতি

                  ১৮. পূৰ্ণকান্ত বুঢ়াগোঁহাঞি প্ৰতিষ্ঠান

                  ১৯. টাই অধ্যয়ন প্ৰতিষ্ঠান।

      ৯. বিভিন্ন ৰাজনৈতিক দল, সাহিত্য সভা, যুৱ অনুষ্ঠান, সদৌ অসম ছাত্ৰ সন্মিলন, প্ৰতিষ্ঠিত বেচৰকাৰী সংগঠনসমূহৰ পৰা সময়ে সময়ে বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত বিভিন্ন পৰামৰ্শসমূহ আহ্বান কৰা হয়। অৱশ্যে সকলোৰে পৰা আহ্বান কৰিলেও গ্ৰহণযোগ্যতাৰ ভিত্তিতহে বিবেচনা কৰা হয়। বিষয়টো বৰ্তমান কেবিনেট উপ-সমিতিৰ বিচৰাধীন হৈ আছে।

      দফা ৭- অৰ্থনৈতিক বিকাশ

      • দফা

      ৭ - এই সুযোগতে অৰ্থনৈতিক ক্ষেত্ৰত সৰ্বতো প্ৰকাৰৰ উন্নতি সাধনৰো চৰকাৰে পোষকতা গ্ৰহণ কৰে যাতে নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নত হয়। ইয়াৰ উপৰিও ৰাষ্ঠ্ৰীয় প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাৰ জৰিয়তে শিক্ষা আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

      • ব্যৱস্থা গ্ৰহণ –

      ১. ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিল দলং নিৰ্মাণ কৰি উত্ত আৰু দক্ষিণ পাৰ দুটা সংযোগ কৰি ৰেল পথ আৰু যানবাহন চলাচলৰ বাবে সুগম কৰাৰ পৰিকল্পনা কৰা হয়। ৭৩ কিলোমিটাৰ পথ আৰু ৫ কিলোমিটাৰ সংযোগী পথৰ বাবে মুঠ বাজেট ধাৰ্য কৰা হয় ৪৯৯৬.১৯ কোটি। ইয়াৰ বাবে বাজেট ধাৰ্য কৰা হয় ১৯৯৭-৯৮ চনত। ইয়াৰ অগ্ৰগতি বৰ্তমান সময়ত ৮১.৮৪ শতাংশ। কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱ্য সময়-সূচী চলিত বৰ্ষৰ মাৰ্চ মাহ।

      ২. নুমলীগড় ৰিফাইনেৰী দেশৰ সেৱাৰ অৰ্থে মাননীয় প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱে ১৯৯৯ চনত উচৰ্গা কৰিছিল। অক্টোবৰ ২০০০ বৰ্ষত বাণিজ্যিক উত্পাদন আৰম্ভ হোৱাৰ পৰা এন.আৰ.এলে. বিশ্বস্ত প্ৰদৰ্শনী প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। এতিয়া এই এন.আৰ.এলে. দেশৰ সামাজিক তথা আৰ্থিক দিশত নিজৰ অৰিহণা আগবঢ়াই আহিছে, এন.আৰ.এল. ক মিনি ৰত্ন পি.এছ.ইউ.ৰ মৰ্য্যদা প্ৰদান কৰা হৈছে।

      ৩. অসম চুক্তিৰ স্বাক্ষৰ কৰ্তা অশোক কাগজ মিলৰ পুনৰুদ্ধাৰৰ কাৰণে, অৰ্থাত অসম ছাত্ৰ সন্থা আৰু ভাৰত চৰকাৰক অনুৰোধ কৰা হৈছে যে অশোক কাগজ মিলৰ লগতে মৰাপাট/ নাৰিকলযুক্ত উদ্যোগৰ স্থাপনাৰ সন্দৰ্ভত নিজৰ অভিযোগ/মত আগবঢ়াবলৈ অনুৰোধ কৰা হৈছে যাতে অসম চুক্তিৰ অংশীদাৰ হবৰ কাৰণে অভিযোগ/মত প্ৰস্তুত কৰিব পাৰে, এই উদ্দেশ্যে এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৭.-১১-২০১৪ তাৰিখে ডব্লিউ.পি.(চি.) নং. ৩৬৬৭/২০০৮ অনুমোদন কৰে। কিন্তু এই পৰ্যন্ত আমি কোনো অভিযোগ/মতামত দেখা পোৱা নাই। পিছলৈ, উদ্যোগ আৰু বাণিজ্য বিভাগে জনাইছে যে ইয়াক বহুবাৰ প্ৰচেষ্টাৰ পাছতো ব্যৱহাৰ্য কৰিব পৰা হোৱা নাই আৰু প্ৰকল্পটি বাদ দিয়া হৈছে। মৰাপাট আৰু নাৰিকল/ পাল্প আৰু কাগজ উদ্যোগ প্ৰতিষ্ঠাৰ কাৰণে উদ্যোগ আৰু বাণিজ্য বিভাগে কিছুমান সংস্থাৰ সৈতে যোগাযোগ কৰিছে, কিন্তু মিলৰ ভূমি বিদৰে ব্যৱহাৰ কৰা হব তাৰ কোনো সিদ্ধান্ত হোৱা নাই। একেসময়তে অসম উদ্যোগিক উন্নয়ন নিগম লিমিটেডে এ.পি.এম. লিমিটেডৰ ভূমি ব্যৱহাৰযোগ্য কৰি যোগীঘোপাত এ.পি.এম.ৰ লগত একীভূত উদ্যোগ ক্লাষ্টাৰ প্ৰকল্পৰ উন্নয়নৰ বিষয়টো চৰকাৰৰ অধীনত বিবেচনাধীন হৈ আছে।

      এ.পি.এম.ৰ পৰিচালক সঞ্চালকে অসম উদ্যোগিক উন্নয়ন নিগম লিমিটেডৰ উক্ত প্ৰস্তৱটো চৰকাৰলৈ বিবেচনাৰ বাবে পঠায় আৰু বিষয়টোৰ প্ৰক্ৰিয়া চলি আছে যদিও চূড়ান্ত সিদ্ধান্ত এচিয়াও লোৱা হোৱা নাই।

      ৪. শিলঘাটৰ মৰাপাট কল ১৯৮৬ চনৰ ১ জানুৱাৰীৰ পৰা পুনৰ মুকলি হয়।

      ৫. ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীৰ দিনা অসম গেছ ক্ৰেকাৰ প্ৰকল্পটো মুকলি কৰে ডিব্ৰুগড়ৰ লেপেটকটাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই।

      ৬. উত্তৰ গুৱাহাটীত ইতিমধ্যে স্থাপিত হৈছে আই.আই.টি প্ৰতিষ্ঠান। তদুপৰি দুখনকৈ কেন্দ্ৰীয় বিশ্ববিদ্যালয় তেজপুৰ বিশ্ববিদ্যালয় আৰু শিলচৰ অসম বিশ্ববিদ্যালয়. তদুপৰি গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নতিৰ হকেও পৰ্যাপ্ত অনুদান আগবঢ়াইছে। তদুপৰি অসম চৰকাৰে চাৰিখনকৈ ৰাজ্যিক বিশ্ববিদ্যালয় মুকলি কৰিছে ক্ৰমে – (১) কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, (২) বড়োলেণ্ড বিশ্ববিদ্যালয়, (৩) কটন মহাবিদ্যালয় ৰাজ্যিক বিশ্ববিদ্যালয়, (৪) কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পৌৰাণিক অধ্যয়ন বিশ্ববিদ্যালয়। ইতিমধ্যে ১৯৮.৮২ লাখ টকাৰ অনুমোদন আগবঢ়াইছে ২০০১-০২ৰ পৰা ২০১৫-১৬ চনলৈ ৬ লাখ বিশ্ববিদ্যালয় আন্তঃগাঁথনিৰ নামত।

      ৭. গুৱাহাটী মেডিকেল কলেজ হাস্পতালক এখন উন্নত মানৰ চিকিত্সা প্ৰতিষ্ঠান ৰূপে গঢ়ি তোলাৰ কাম ইতিমধ্যে আগবাঢ়িছে।

      ৮. ৩১-০৩-২০১৬ তাৰিখত অসমৰ কাৰণে চি.ডি. অনুপাত  ৫০.৪২ শতাংশ।

      দফা– ৮

      • দফাঃ

      ৮.১ নাগৰিকসকলক নাগৰিকত্ব প্ৰমাণ-পত্ৰ মাথো কেন্দ্ৰীয় চৰকাৰেহে প্ৰদান কৰিব পাৰে।

      ৮.২ নাগৰিকত্ব – প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত থকা আসোঁৱাহসমূহ দূৰ কৰিবলৈ আছু তথা এ.এ.জি.এছ.পি.য়ে কৰা বিৰোধিতাক গুৰুত্ব সহকাৰে গ্ৰহণ কৰা হয়।

      • ব্যৱস্থা গ্ৰহণ –

      ৮.১ গুৰুত্ব সহকাৰে বিষয়টো গ্ৰহণ কৰি কাৰ্যকৰী কৰা

      ৮.২ অন্য কোনো ধৰণৰ বিৰোধিতাক গুৰুত্ব দিয়া নহব।

      দফা – ৯: আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষা

      • দফাঃ

      ৯.১ আন্তঃৰাষ্ট্ৰীয় সীমা সুৰক্ষাৰ দিশটোক গুৰুত্ব সহকাৰে গ্ৰহণ কৰি কোনো বিদেশী নাগৰিকে যাতে বেআইনীভাৱে প্ৰৱেশ কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰা। কাঁইটীয়া তাঁৰৰ বেৰ তথা মাটি বা পানীৰ সীমা পাৰ হব খোজাসকলৰ ওপৰত চোকা দৃষ্টি ৰখা। সীমা সুৰক্ষা বাহিনীৰ জোৱানসকলে সমগ্ৰ অঞ্চলটো তহল দিয়ে। মাটি তথা পানীৰেও তেওঁলোকে এই তহলদাৰীৰ দায়িত্ব পালন কৰে। তদুপৰি পৰ্যাপ্ত পৰিমাৰ নিৰীক্ষণ চকীৰ ব্যৱস্থা কৰা।

      ৯.২ ইতিমধ্যে উল্লেখ কৰা বিভিন্ন সুৰক্ষামূলক ব্যৱস্থাসমূহৰ উপৰিও আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আন্তঃৰাষ্ট্ৰীয় সীমাত এক ৰাস্তা নিৰ্মাণ কৰা হব যাতে সুৰক্ষা বাহিনীক পহৰাদাৰী কৰাত সুবিধা প্ৰদান কৰা হয়। যতদূৰ সম্ভৱ সীমা আৰু ৰাস্তাৰ মাজৰ ভূমি মানুহ বসবাস কৰাৰ পৰা মুক্ত ৰাখিব লাগে। আন্তঃৰাষ্ট্ৰীয় সীমাৰ লগতে নদীৰ পহৰাদাৰীকো তীব্ৰতৰ কৰা হব। আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হোৱা বা অনুপ্ৰৱেশকাৰীক প্ৰতিৰোধ কৰাৰ কাৰণেকাৰ্য্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হব।

      • ব্যৱস্থা গ্ৰহণ –

      ১৮. ভাৰত-বাংলা সীমান্তৰ সৰ্বমুঠ দৈৰ্ঘ্য ২৮০.০৬ কিলোমিটাৰ। ইয়াৰ ২০৮.৬৫ কিলোমিটাৰত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণৰ কাম ইতিমধ্যে সমাপ্ত হৈছে আৰু ৭১.৪১ কিলোমিটাৰ বাকী আছে। তদুপৰি ৬.৫ কিলোমিটাৰ দৈৰ্ঘ্য ভূমি এলেকা বাকী অংশ পানীৰে পূৰ্ণ। ৩.৫৯৬ কিলোমিটাৰ মুক্ত অঞ্চলত দলং আৰু পুল আছে। ইয়াৰ ৬.৫ কিলোমিটাৰ ভূমি আৰু ৩.৫ কিলোমিটাৰ কৰিমগঞ্জ চহৰ অঞ্চলত। সীমা সুৰক্ষা বাহিনী আৰুবাংলাদেশ সীমা ৰক্ষীৰ মাজত আলোচনা অব্যাহত আছে সীমা সুৰক্ষা বিষয়ক লৈ। ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া বাকী আছে। মাথো ৩ কিলোমিটাৰ অঞ্চলত যিখিনি কৰিমগঞ্জ জিলাৰ লাতিঢিলা-ডুমাবাৰী অঞ্চলত আছে। এইখিনি কামো শীঘ্ৰেই সম্পূৰ্ণ কৰা হব।

      নদী আৰু চৰ অঞ্চলৰ সাম্ভাব্যতা অধ্যয়ন আৰু পৰীক্ষাৰ কাৰণে আৰু ভাৰত চৰকাৰৰ দ্বাৰা “হাই-টেক ফিজিকেল আৰু নন ফিজিকেল বাধা” প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই অঞ্চলসমূহক চীল কৰা হৈছে।এই অঞ্চলসমূহত বান প্ৰতিৰোধৰ বাবেও বিভিন্ন কাম কেন্দ্ৰীয় গড়কাপ্তানী বিভাগ, আই.বি.বি.এফ.এল.ডি.ৰ অধীনত ইতিমধ্যে কৰা হৈছে আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনত বিজুলী সৰবৰাহৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।(কাৰ্য্যঃ কেন্দ্ৰীয় গড়কাপ্তানী বিভাগ, আই.বি.বি.এফ.এল.ডি./অসম শক্তি বিতৰণ কোম্পানী লিমিটেড)

      অসম বাংলাদেশ সীমান্তত বৰ্তমান সীমান্ত সুৰক্ষা বাহিনীৰ অধীনত ৯৪ টা সীমান্ত আৰক্ষী চকা আছে।

      দফা – ১০- চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰা

      • দফাঃ

      ১০. চৰকাৰী ভূমিসমূহ বেদখলমুক্ত কৰিবলৈ আইনী ব্যৱস্থা গ্ৰহণ কৰা। জনজাতি অধ্যুষিত অঞ্চলসমূহ আইনী বৱস্থাৰে বেদখলমুক্ত কৰা।

      • ব্যৱস্থা গ্ৰহণ –

      অসমত সংৰক্ষিত বেল্ট আৰু খণ্ডত ভূমি প্ৰশাসনপৰিচালিত হয় অসম ভূমি আৰু ৰাজহ বিনিয়ম, ১৮৮৬ ৰ অধ্যায় দহ অনুসৰি। এনে ভূমিসমূহ বেদখলমুক্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ।

      দফা – ১১ – বিদেশীসকলৰ দ্বাৰা স্থাৱৰ সম্পত্তিৰ অধিগ্ৰহণ সীমিত কৰা

      • দফাঃ

      ১১. এইটো সুনিশ্চিত কৰিব লাগিব যে প্ৰাসংগিক আইন অনুসৰি অসমত বিদেশীসকলৰ দ্বাৰা স্থাৱৰ সম্পত্তি অধিগ্ৰহণ সীমিত কৰাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

      • ব্যৱস্থা গ্ৰহণ –

                  অসম ভূমিৰ এল্যিনেচন (বিনিময়) আইন ১৯৮০ অনুসৰি অসমত বিদেশীৰ দ্বাৰা স্থাৱৰ সম্পত্তি অধিগ্ৰহণ সীমিত কৰা।

      (এক ক্ৰমাগত প্ৰক্ৰিয়াত ধাৰা ১০ আৰু ১১ক ৰূপান্তৰিত কৰা হয়। বনাঞ্চলৰ ভূমি, পি.জি.আৰ.ভি.জি.আৰ. আৰু অন্যান্য চৰকাৰী ভূমিত সময়ে সময়ে আইনৰ সহায়ত উচ্ছেদ চলাই থকা হৈছে।)

      দফা – ১২ জন্ম-মৃত্যুৰ পঞ্জীয়ন

      • দফাঃ

      ১২. জন্ম আৰু মৃত্যুৰ পঞ্জীয়ন যাতে সময় মতে, সঠিকভাৱে হয় তাৰ প্ৰতি লক্ষ্য ৰখা।

      • ব্যৱস্থা গ্ৰহণ –

                  এই ক্ষেত্ৰত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সমগ্ৰ ৰাজ্যৰ ৬৯৫টা কেন্দ্ৰত জন্ম তথা মৃত্যুৰ পঞ্জীয়ন কৰোৱা হয়। তদুপৰি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ বিশেষ সহযোগত বৰ্তমান কম্পিউটাৰ ব্যৱস্থাৰ জৰিয়তে অনলাইন প্ৰমাণ-পত্ৰ প্ৰদানৰো চিন্তা-চৰ্চা কৰা হৈছে।

      দফা – ১৩

      • দফাঃ

      ১৩. সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ সদস্যসকলে এখন উন্নয়নশীল দেশ নিৰ্মাণত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ বাবে আন্দোলন বন্ধ কৰাৰ কথা ঘোষণা কৰে।

      • ব্যৱস্থা গ্ৰহণ –

       এই ক্ষেত্ৰত দুয়োটা সংগঠনে আন্দোলন বন্ধ কৰে।

      দফা – ১৪

      • দফাঃ

                  কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে সন্মতি প্ৰদান কৰিছে-

                  ক. সৌহাৰ্দ্যমূলক মনোভাৱেৰে অসম আন্দোলনৰ ভুক্তভোগীসকলক নিযুক্তি প্ৰদানৰ ব্যৱস্থাটো গ্ৰহণ কৰা।

                  খ. আন্দোলনৰ শ্বহীদসকলৰ পৰিয়ালবৰ্গলৈ এককালীন সাহায্য প্ৰদানৰ দিহা কৰা।

                  গ. সৌহাৰ্দ্যমূলক মনোভাৱেৰে প্ৰশাসনিক বিভাগ পৰীক্ষাত অৱতীৰ্ণ হবলৈ বয়সৰ উৰ্দ্ধসীমা বঢ়োৱাৰ কথা চিন্তা-চৰ্চা কৰা হৈছে। কিয়নো অসম চুক্তিৰ সময়ছোৱাৰ প্ৰভাৱ শিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষা সমূহতো পৰিলক্ষিত হৈছিল।

                  ঘ. আৱদ্ধকৰণৰ ক্ষেত্ৰতো পুনৰ পৰ্যবেক্ষণৰ ব্যৱস্থা, লগতে জঘন্য অপৰাধত অভিযুক্তসকলক বাদ দি আন্দোলনৰ সন্দৰ্ভত অপৰাধীক অপৰাধৰ আৰোপি ব্যক্তিৰ ক্ষেত্ৰত গোচৰ ৰুজু কৰে।

                  ঙ. যদি কোনো জাননী জাৰি কৰা/নিষেধাজ্ঞাৰ আদেশ থাকে তাক বিবেচনা কৰা।

      • ব্যৱস্থা গ্ৰহণ –

      আন্দোলনৰ প্ৰসংগত কৰমচাৰীসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্ঙা গ্ৰহণৰ অভিযোগ প্ৰত্যাহাৰ কৰা হয় আৰু অসম প্ৰশাসনিক সেৱাৰ ক্ষেত্ৰত বয়সৰ উৰ্দ্ধসীমা ৰেহাই দিয়া হয়।

      ২০১৬ চনৰ ১০ ডিচেম্বৰৰ শ্বহীদ দিৱসৰ দিনা অসম আন্দোলনৰ শ্বহীদসকললৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়।

      দফা – ১৫

      • দফাঃ

      সংশ্লিষ্ট বিষয়সমূহ ৰূপায়নৰ ক্ষেত্ৰতগৃহ পৰিক্ৰমা মন্ত্ৰণালয়ে মুখ্য ভূমিকা গ্ৰহণ কৰি আছে।