মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ অসম চুক্তিৰ ৰূপায়ন

অসম আন্দোলনৰ শ্বহীদসকল

অসম আন্দোলনৰ শ্বহীদসকল-

  • ভাৰতীয় ইতিহাসত ছাত্ৰ সংগ্ৰাম হিচাপে অসম আন্দোলনৰ গুৰুত্ব উল্লেখনীয়। ১৯৭৯ চনত অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত এই আন্দোলনৰ আৰম্ভণি হয় আৰু চৰকাৰীভাৱে ইয়াৰ অন্ত পৰে ১৫ আগষ্ট, ১৯৮৫ চনত ভাৰত চৰকাৰৰ সৈতে স্বাক্ষৰিত অসম চুক্তিৰ জৰিয়তে। ছবছৰীয়া এই আন্দোলনৰ সময়ছোৱাত ৮৫৫জন লোকে (পিছলৈ ৮৬০ বুলি ঘোষণা) নিজৰ জীৱন বলিদান দিয়ে এখন “অনুপ্ৰৱেশমুক্ত অসমৰ” হকে।
  • এই সন্দৰ্ভত সকলোকে অসম চৰকাৰৰ যুটীয়া সচিব, চি.এম. ব্লক, ৩য় মহলা, অসম সচিবালয়ৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হল।
  • ইতিমধ্যে অসম চৰকাৰে ৫ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰে এইসকল শ্বহীদ পৰিয়াললৈ। ভুক্তভোগীসকলৰ পৰিয়ালক এই সংক্ৰান্তত নিজৰ নিজৰ প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে দৰ্খাস্ত সংশ্লিষ্ট উপায়ুক্তৰ কাৰ্য্যালয়ত জমা দিবলৈ কোৱা হয়।
Downloads
TitleSizeDetail
Martyrs List.pdf3.27 MBswf-image