মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ অসম চুক্তিৰ ৰূপায়ন

অসম আন্দোলনৰ ভুক্তভোগীসকল

অসম আন্দোলনৰ ভুক্তভোগীসকলৰ হিতাৰ্থে অসম চৰকাৰে আৰ্থিকভাৱে সহায় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই সম্বন্ধীয় সকলো বাৰ্তা ইতিমধ্যেই বিভিন্ন জিলাৰ উপায়ুক্তৰকাৰ্যালয়সমূহলৈ প্ৰেৰণ কৰিছে।

  • চৰকাৰী এই সুবিধা লাভ গ্ৰহণ কৰিবলৈ ভুক্তভোগীসকলক আবেদন কৰিবলৈ জনোৱা হয়। নিজ নিজ গৃহ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়সমূহত স্থানীয় আছু গোটৰ সহযোগত এই আবেদন কৰিবলৈ জনোৱা হয়।
  • অসম আন্দোলনৰ ভুক্তভোগীৰ পৰিয়ালৰ সদস্য হিচাপে উপায়ুক্তৰ পৰা প্ৰমাণপত্ৰ জাৰি কৰাটো ২০১৬ বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা বন্ধ কৰি দিয়া হৈছে।
  • ১৯৯৯ চনৰ এ.পি.এছ. আইনৰ অধীনত অসম আন্দোলনৰ ভুক্তভোগীসকলক চৰকাৰী সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে আৰু এই অনুসৰি ইতিমধ্যে ৫২৩জন তেনে পৰিয়ালৰ লোকে বিভিন্ন চৰকাৰী খণ্ডত নিযুক্তি লাভ কৰিছে। এনে নিযুক্তিৰ বাবে অসম চুক্তি ৰূপায়ণ বিভাগ দায়বদ্ধ নহয়। তদুপৰি ন্যায়ালয়ৰ দ্বাৰস্থ্য হৈও বহুজনে ১৯৯৯ৰ এই আইনৰ সুবিধা ভোগ কৰিব পৰা নাই যাৰ হেতু চৰকাৰে বৰ্তমান অন্য বিকল্প কোনো পন্থাৰে তেওঁলোকক সংস্থাপিত কৰাৰ চিন্তা চৰ্চা কৰিছে।