মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ অসম চুক্তিৰ ৰূপায়ন

ভৱিষ্যতৰ পদক্ষেপ

অসম আন্দোলনৰ শ্বহীদসকলৰ সোঁৱৰণত কামৰূপ(ম) জিলাৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ নামেৰে এক সোঁৱৰণী উদ্যান নিৰ্মণ কৰিবৰ বাবে ৰাজ্যিক কেবিনেটে ইতিমধ্যেই ৯৮ বিঘা ১ কঠা ১৩ লেচা মাটিৰ আবণ্টনৰ কাৰণে মঞ্জুৰী প্ৰদান কৰিছে। ২০১৭-১৮ ৰ বাজেটত ১০(দহ) কোটি টকাৰ ধনৰাশি নিদ্ধাৰিত কৰা হৈছে। উক্ত প্ৰকল্পৰ বাস্তবায়নৰ কাৰণে প্ৰথমিক কাম-কাজ ইতিমধ্যেই এই বিভাগৰ মাধ্যমে আৰম্ভ কৰা হৈছে। অসমৰ মুখ্য সচিবৰ সভাপতিত্বত অসম আন্দোলনৰ হিতধাৰক আছুৰ বিষয়ববীয়াসকলৰ সৈতে সম্প্ৰতি এখন বৈঠক অয়োজিত হয় আৰু এক সিদ্ধান্ত লোৱা হয় যে চৰকাৰে বিদ্যমান অশোক কাগজ মিলৰ এলেকাৰ ৫৩ একৰ মাটিত এটি কাগজৰ মিলৰ প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিব আৰু অৱশিষ্ট ৫৩ একৰ মাটিত বাণিজ্য আৰু উদ্যোগ বিভাগৰ দ্বাৰা লজিষ্টিক হাব, তথ্য প্ৰযুক্তিৰ হাব আৰু উদ্যোগিক হাব খোলাৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব। বাণিজ্য আৰু উদ্যোগ বিভাগে সেইমতে পদক্ষেপ গ্ৰহণ কৰিব।

অসম চুক্তি ৰূপায়ণৰ এক শাখা দিছপুৰৰ কাষতে নিৰ্মাণ কৰা হৈছে, এটি পৰিপূৰ্ণ তথ্য কেন্দ্ৰ, শ্বহীদসকলৰ ফটো গেলেৰী সহ এটি আৰ্কাইভ আৰু শ্বহীদসকলৰ পৰিয়াল, অসম আন্দোলনৰ লগত জড়িত সংগঠনসমূহ, ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু অন্যান্য আগ্ৰহী ব্যক্তিসকলক সুবিধা প্ৰদানৰ বাবে ই হৈছে এটা সন্মেলন কেন্দ্ৰ।