মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ অসম চুক্তিৰ ৰূপায়ন

ত্ৰিপাক্ষীক আলোচনা

১৫-০৮-১৯৮৫ বৰ্ষত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত মুঠ ১৭বাৰকৈ ত্ৰিপাক্ষীক আলোচনা হৈছে। বিভিন্ন আলোচনাৰ তাৰিখ সমূহ এনে ধৰণৰ –

১.

২৩ জানুৱাৰী ১৯৯০

২.

১১ আগষ্ট ১৯৯৭

৩.

৬ এপ্ৰিল ১৯৯৮

৪.

২৩ ছেপ্টেম্বৰ ১৯৯৮

৫.

১৮ মাৰ্চ ১৯৯৯

৬.

১ জুলাই ১৯৯৯

৭.

১৭ নৱেম্বৰ ১৯৯৯

৮.

৩১ মে ২০০০

৯.

৭ নৱেম্বৰ ২০০০

১০.

৬ নৱেম্বৰ ২০০১

১১.

১৪ জানুৱাৰী ২০০৩

১২.

৫ মে ২০০৫

১৩.

২ জানুৱাৰী ২০০৬

১৪.

২৯ জুলাই ২০০৬

১৫.

১১ জুলাই ২০০৭

১৬.

২২ এপ্ৰিল ২০১০

১৭.

২০ জুলাই ২০১০

                                                                                                                               শেষৰখন আলোচনা অনুষ্ঠিত হৈছিল ২০১০ চনত ২০ জুলাইত। সভাৰ বিষয়সমূহ অনুবন্ধ-I ৰ ৰূপত সংলগ্ন আছে। ২০-০৭-২০১০ বৰ্ষত হোৱা শেষৰখন উপ-ত্ৰিপাক্ষীক বৈঠকত আলোচনা কৰা দিশসমূহ তলত উল্লেখ কৰা হৈছে-

আছুৰ প্ৰতিনিধিসকলে কলে যে উপ-ত্ৰিপাক্ষীক সমিতিয়ে তেওঁলোকৰ অন্তবৰ্তীকালীন প্ৰতিবেদনত ভাৰতীয় সংবিধানৰ ৩ নং অনুচ্ছেদৰ সংশোধনী প্ৰস্তাৱ আগবঢ়াই, অসমৰ লোকসকলৰ কাৰণে সংসদ, ৰাজ্যৰ বিধানসভা আৰু স্থানীয় নিকায়সমূহত আসন সংৰক্ষণ কৰা, কীৰ্তিচিহ্ন আৰু অসমৰ সাংস্কৃতিক আৰু ঐতিসাহিক কীৰ্তিচিহ্নসমূহ থকা ঠাইসমূহৰ ৰক্ষণাবেক্ষণ আদি। উল্লেখযোগ্য যে অসমীয়া লোকৰ বাবে অসম সংৰক্ষণৰ বিষয়টো আলোচনাত গ্ৰহণযোগ্য বুলি বিবেচিত নহল।

গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ দ্বাৰা নিৰ্দ্ধাৰিত কৰি দিযা এজেণ্ডাৰ ওপৰত ভিত্তি কৰি সময়ে সময়ে পৰ্যবেক্ষণমূলক আলোচনাসমূহ অনুষ্ঠিত হৈ আহিছে যাতে অসম চুক্তিৰ বিভিন্ন দফাসমূহৰ সন্দৰ্ভত কাৰ্যপন্থাৰ উমান লব পৰা যায়।

শেষৰখন বৈঠক গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ উত্তৰ-পূৰ্বাঞ্চলৰ যুটীয়া সচিব শ্ৰী সৈতেন্দ্ৰ গাৰ্গৰ অধ্যক্ষতাত ২১-১০-২০১৬ তাৰিখে অনুষ্ঠিত হয়।

এই ক্ষেত্ৰত অসম চৰকাৰৰ গৃহ বিভাগে ঠিৰাং কৰা সূচীখনকে গ্ৰহণ কৰা হয়। এনেবোৰ আলোচনাত নাগৰিকৰ প্ৰমাণ-পত্ৰ (NRC), অশোক কাগজ কল, বান নিয়ন্ত্ৰণ, সীমা অঞ্চলত কাঁইটীয়া তাঁৰৰ বেৰ নিৰ্মাণ, বগীবিলৰ ৰেল আৰু ৰাস্তাৰ বৃহত্ প্ৰকল্প, গেছ ক্ৰেকাৰ প্ৰকল্প ইত্যাদিবোৰে স্থান লাভ কৰে।

১৭ খন ত্ৰিপাক্ষীক বৈঠকৰ প্ৰত্যেকখন বৈঠকত আলোচনা হোৱা বিষয়সমূহ ক্ৰমবৰ্ধমানভাৱে অনুবন্ধ-IIত সংলগ্ন কৰা হৈছে।

বহুকেইটা গুৰুত্বপূৰ্ণ বিষয়ৰ ৰূপত বিশেষকৈ ৬ নং দফা ৰূপায়িত কৰাৰ বাবে অতি সোনকালে ত্ৰিপাক্ষীক বৈঠকৰ আয়োজন কৰাৰ আৱশ্যকতা আছে।

Downloads
TitleSizeDetail
Summary of Tripartite Meetings 23-01-1990.pdf371.36 KBswf-image
Summary of Tripartite Meetings 11-08-1997.pdf341.72 KBswf-image
Summary of Tripartite Meetings 06-04-1998.pdf351.15 KBswf-image
Summary of Tripartite Meetings 23-09-1998.pdf359.78 KBswf-image
Summary of Tripartite Meetings 18-03-1999.pdf361.86 KBswf-image
Summary of Tripartite Meetings 06-11-2001.pdf341.93 KBswf-image
Summary of Tripartite Meetings 14-02-2003.pdf347.2 KBswf-image
Summary of Tripartite Meetings 05-05-2005.pdf380.9 KBswf-image
Summary of Tripartite Meetings 02-01-2006.pdf361.68 KBswf-image
Summary of Tripartite Meetings 29-07-2006.pdf341.22 KBswf-image
Summary of Tripartite Meetings 11-07-2007.pdf338.24 KBswf-image
Summary of Tripartite Meetings 22-04-2010.pdf338.1 KBswf-image
Summary of Tripartite Meetings 20-07-2010.pdf333.85 KBswf-image