মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ অসম চুক্তিৰ ৰূপায়ন

সফলতা

  • সফলতাৰ ক্ষেত্ৰত কবলৈ গলে ২০১৫ চনৰ ১০ ডিচেম্বৰৰ দিনা গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিত্সা মহাবিদ্যালয়ৰ খেলপথাৰ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কথা নিশ্চয়কৈ কব লাগিব। এই অনুষ্ঠানত ৮৫৫জন জাতীয় শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু তেওঁলোকৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হয়।
  • জাতীয় শ্বহীদসকলৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে চৰকাৰে এখন স্মাৰক ক্ষেত্ৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই ক্ষেত্ৰখন শ্বহীদ স্মাৰক ক্ষেত্ৰ নামেৰে পৰিচিত হব। ইয়াৰ বাবে ইতিমধ্যে প্ৰাৰম্ভিক কামসমূহ আৰম্ভ কৰিছে। অসম আন্দোলনৰ শ্বহীদসকলৰ নামত অসমৰ বিভিন্ন ঠাইত থকা শ্বহীদ বেদী আৰু সোঁৱৰণী উদ্যানৰ সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কথাও চৰকাৰে ঘোষণা কৰে। বিভাগক শক্তিশালী কৰা আৰু অসম চুক্তিৰ ৰূপায়নৰ কাৰণে পত্ৰ আৰু উদ্যমৰ জৰিয়তে এক দৃষ্টিকোণ পত্ৰ প্ৰস্তুত কৰা হৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা অনুমোদন কৰোৱা হৈছে। অসম চুক্তি ৰূপায়ণৰ এটি পৰিপূৰ্ণ তথ্য কেন্দ্ৰ, শ্বহীদসকলৰ ফটো গেলেৰী সহ এটি আৰ্কাইভ আৰু এটা সন্মেলন কেন্দ্ৰ শাখা দিছপুৰৰ কাষতে নিৰ্মাণ কৰা হৈছে।
  • নাগৰিকৰ প্ৰমাণ-পত্ৰ প্ৰদান সম্পৰ্কীয় বিষয়ৰ হেতু অসম চুক্তিৰ ষষ্ঠ অনুচ্ছেদৰ অধীনত পহিলা জুলাই,২০১৬ত এখন সমিতি গঠন কৰা হয়। এই কমিটীৰ অধ্যক্ষ হল অসমৰ মাননীয় বিত্ত তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই সমিতিত আন তিনিজন মন্ত্ৰীও অন্তৰ্ভুক্ত আছে।
  • অসমৰ লোকসকলক সাংবিধানিক সুৰক্ষা প্ৰদানৰ বাবে এই বিভাগৰ দ্বাৰা উত্তৰ-পূব ৰাজনীতি বিজ্ঞান সংগঠন আৰু উত্তৰ-পূব বৈকল্পিক আঁচনিৰ সহযোগত এখন ঘূৰণীয়া মেজমেলৰ আয়োজন কৰা হয়। এই মেলত অসমৰ লোকসকলক বিশেষকৈ কেনে ধৰণে সাংবিধানিক সুৰক্ষা প্ৰদান কৰিব পাৰি তাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়।